
এক কথাত যদি কবলৈ যাওঁ,অসমত নেতাৰ অভাৱ নাই।কোনো জন যদি সংগঠনৰ কোনো আকৌ ৰাজনৈতিক দলৰ নেতা।মুঠতে বৰ্তমানৰ সময়ত অসমৰ অলিয়ে গলীয়ে নেতা।কিন্তু এই সকল লোকে নেতাৰ পৰিচয় তুলি ধৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য নিঃস্বাৰ্থ ভাবে পালন কৰিব পাৰিছে নে?সেয়া আজিৰ তাৰিখত এক কোটিটকীয়া প্ৰশ্ন।ৰাইজৰ এই দীঘলীয়া চৰ্চাৰ মাজতে আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ এনে এজন নেতা যিয়ে নেকি দশক দশক ধৰি নিঃস্বাৰ্থ ভাবে ৰাইজৰ সৈতে আগুৱাই আছে।সমগ্ৰ অসম বিভিন্ন জন লোকক তেওঁ সহায়ৰ হাত আগবঢ়াই আহিছে।তেওঁ হল ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি দলৰ সংখ্যালঘু মৰ্চাৰ জেষ্ঠ নেতা তবিবুৰ ৰহমান।

২০১৭চনৰ কথা।তেওঁ তেতিয়া চাংচাৰিত আছিল।এজন দুৰ্ভগীয়া লোকৰ খবৰ লাভ কৰাৰ লগে লগে তেওঁ চাংচাৰিৰ পৰা গুৱাহাটীৰ উজান বজাৰলৈ আহি পদপথৰ সেই বৃদ্ধা গৰাকীক নতুনকৈ দোকান নিৰ্মান কৰি আৰ্থিক সাহায্যও প্ৰদান কৰিছিল।এইয়া মাত্ৰ এটা উদাহৰণ।এই উদাহৰণ এই বাবেই উল্লেখ কৰিছোঁ কাৰণ তেওঁ কোনো মন্ত্ৰী বিধায়ক নহয়।তেওঁ মানুহৰ বাবে কাম কৰি ভাল পায়।
তেওঁৰ কিছু যোগাত্মক চিন্তাই বহু লোকক স্বাৱলম্বী কৰি তোলাৰ লগতে এক নীতিগত আদৰ্শৰ মাজেৰে আগুৱাই যোৱাত প্ৰেৰণা যোগাই আহিছে। চমুকৈ কবলৈ গলে তেওঁ অসমৰ এজন সফল যুৱ নেতা।সমাজৰ বাবে তেওঁ এজন জননেতা।

