স্মিতাৰ নতুন থ্ৰিলাৰ চুটি ছবি ভাওনাৰ ৰাতি

দুৰ্বল মানুহক শক্তিশালী মানুহে আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো বাস্তৱ সময়ৰ এক জিয়া চৰিত্ৰ বুলি নিশ্চিত ভাবে উপলব্ধি কৰিব পাৰি।এনে কিছু ঘটনা আমাৰ সমাজত নিতৌ সংঘটিত হোৱা বুলি কলেও ভুল কোৱা নহব।বিশেষ কৈ এগৰাকী সহজ সৰল নাৰীৰ প্ৰতি সমাজৰ এচাম লোকে চতুৰ আৰু জোৰ জবোৰদস্তিৰে বিশেষ সুখ লাভৰ চেষ্টা চলাই। সমাজৰ এনে এক সত্য ঘটনাৰ আধাৰত কণিকা কলিতাৰ প্ৰযোজনাত আৰু স্মিতা বৰ্মনৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে “ভাওনাৰ ৰাতি” নামৰ এখন ৰহস্যধৰ্মী চুটি ছবি।ইতিমধ্যে দর্শকলৈ বহু কেইখন সফল চুটি ছবি আৰু নাটকৰ উপহাৰ দিয়া স্মিতা বৰ্মনে এইবাৰো অসমীয়াৰ স্বাভিমান ভাওনাৰ মাজেৰে সমাজৰ বাস্তৱ ধৰ্মী চৰিত্ৰবোৰ সুন্দৰকৈ উপস্থাপন কৰিছে।
চুটিছবিখনৰ কাহিনীৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালকগৰকীয়ে কয়,”গাঁও এখনত আইতাকৰ সৈতে নাতিনীয়েক এজনীয়ে বাস কৰিছিল।ছোৱালীজনীৰ মাক-দেউতা সৰুতে ঢুকাইছিল। ছোৱালীজনীক আইতাকে লোকৰ ঘৰত কাম কৰি পো-পাল দি আছিল ।”

”তাই আছিল দেখিবলৈ অত্যন্ত ধুনীয়া । সেই গাঁওখনত বছৰত এবাৰ বহুত ডাঙৰকৈ ভাওনা অনুষ্ঠিত হৈছিল । সৰুৰে পৰা তাইৰ ভাওনাত ভাও দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও আইতাকে তাইক এইবাৰৰ পৰা দূৰত ৰাখিছিল । আনহাতে বাহিৰত যোৱাৰ পৰাও তাইক দূৰত ৰাখিছিল । কাৰণ যদিহে ছোৱালীজনীৰ কিবা হয় তেন্তে বদনাম ওলাব লগতে গাঁৱৰ মানুহে এঘৰীয়া কৰিব । এইবোৰ কাৰণতে তাইক আঁতৰাই ৰখা হৈছিল । ছবিখনত মূলত আমি সমাজত ঘটি থকা কিছু সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।

আনহাতে, ছবিখনত অভিনয় কৰিছে অঞ্জু হাজৰিকা ,জোনালী ৰায়, প্ৰাণজিৎ প্ৰীতম কলিতা, সত্যজিৎ হাজৰিকা আৰু শিশু শিল্পী নিষ্ঠাজিতা কলিতাই । ছবিখন কাহিনী কণিকা কলিতাৰ আৰু সংলাপ-স্মিতা বৰ্মনৰ । সহ-প্ৰযোজক হিচাপে আছে সত্যজিৎ হাজৰিকা । ছবিখন চিত্ৰগ্ৰহণ কৰিছে প্ৰবীন বসুমতাৰীয়ে ।উল্লেখ্য যে, চুটি ছবি খন প্ৰথমে বিভিন্ন ছবি মহোৎসৱলৈ প্ৰেৰণ কৰা হ’ব । পৰৱৰ্তী সময়ত OTT প্লেটফৰ্মত মুক্তি দিয়া হ’ব ।