বিহু মঞ্চৰ বাবে সাজু বন্দিতা
“কথা এটি কওঁ…কোৱা…সোধো… সোধা…।মোলৈ জানো তোমাৰ মৰম আছেনে “শীর্ষক গীতেৰে শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হোৱা কণ্ঠশিল্পী বন্দিতা কাশ্যপে এইবাৰ ন পুৰণি সংযোজনেৰে এটি নতুন গীত মুকলি কৰিবলৈ সাজু হৈছে।
সংগীতৰ মায়াজালেৰে যুৱ প্ৰজন্মৰ মন জয় কৰিবলৈ সক্ষম হোৱা বন্দিতাই গোৱালপাৰীয়া লোকগীত,হোলী গীত আৰু বাউল গীতৰ সংমিশ্ৰনৰে এটি নতুন Mashup প্ৰস্তুত কৰি অসমীয়া সংগীত ক্ষেত্ৰখনত এক নতুনত্ব প্ৰদানৰ কৰিবলৈ চেষ্টা কৰিছে।ব’হাগৰ বেলিকাত প্ৰজন্মৰ হিয়াৰ আমঠু বন্দিতাৰ এই ন পদক্ষেপে অসমীয়া সংগীত জগত খনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি তেওঁৰ অনুৰাগী সকল আশাবাদী।ইফালে বহু বছৰ বিৰতিৰ অন্তত তেওঁ এইবাৰ অসমীয়া নৱবৰ্ষৰ পৰা পুনৰ মঞ্চ অনুষ্ঠান কৰিবলৈ সাজু হৈছে ।
