‘আমি অসমীয়া নহও দুখীয়া বুলি শান্তনা লভিলে নহ’ব…’ বুলি কোৱা ভূপেন দাৰ গানৰ সাৰমৰ্ম উপলব্ধি কৰি অসমীয়া যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে সময়ে সময়ে নিজৰ কৰ্মৰ জৰিয়তে উদ্যোগী মনস্তত্বৰ পৰিচয় দি আহিছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃ ৰাজ্য তথা বহিঃ ৰাষ্ট্ৰতো অসমীয়া যুৱক-যুৱতীয়ে নিজৰ উদ্যোগশীলতাৰ পৰিচয় দি ব্যৱসায় বাণিজ্য কৰি আছে। এনে নহয় যে কেৱল ব্যৱসায় বাণিজ্য কৰি ধন ঘটিছে, তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্যৰ জৰিয়তে নিজৰ লগতে অন্য হেজাৰজনকো কৰ্মসংস্থাপন দিয়াৰ লগতে জাতি তথা মানৱ জীৱনৰো উন্নয়ন সাধন কৰিছে।

এনে এগৰাকী উদ্যোমী অসম সন্তানৰ নাম হৈছে গৌতম কলিতা। বিগত ৫ মাৰ্চ, ২০২৫ তাৰিখে গৌতম কলিতাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিডাৰ্বৰ’ক বিশ্ববিদ্যালয়ে নতুন দিল্লীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় ত্ৰিমূৰ্ত্তি ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত সন্মাননীয় ডক্তৰেট ডিগ্ৰী প্ৰদান কৰে। কৃষি খণ্ডত আগবঢ়োৱা বিজ্ঞানসন্মত সেৱা তথা চিন্তাধাৰাৰ প্ৰেক্ষাপটত শ্ৰীযুত গৌতম কলিতাক এই সন্মানীয় ডক্তৰেট ডিগ্ৰী প্ৰদান কৰা হয়।

“শীত কালৰ ভৰপূৰ আশাত আমি পথাৰলৈ যাওঁ, ৰ’দ বৰষুণৰ দিনজোৰা কৰ্মৰ পাছতো বিৰতি নাপাওঁ, হাৰ ভঙা শ্ৰমৰ পাছত পথাৰত শস্য আহিবলৈ ধৰে। আমি খেতিয়ক আমাৰ দুখৰ সীমা নাই।”এই বাক্য শাৰীক সৰোগত কৰি অসমৰ লগতে দেশৰ কৃষিখণ্ডত আৰু কৃষকৰ উন্নয়নৰ বাবে আগুৱাঢ়ি যোৱা ব্যক্তিগৰাকীৰ নাম হৈছে গৌতম কলিতা। এই সম্ভাৱনাময় অসম সন্তানে ইতিমধ্যে কৃষিখণ্ডত অনেক কৰ্ম সমাধা কৰিছে। “মাটি, শস্য আৰু কৃষকৰ প্ৰতি নিঃস্বাৰ্থ ভাল পোৱা থাকিলে সকলো সম্ভৱ”এই কথাষাৰকে প্ৰমাণিত কৰি গৌতম কলিতাই নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। অসমৰ মাটিত কৃষিখণ্ডৰ সৈতে জড়িত হৈ বিভিন্ন কৰ্মৰে কৃষকৰ সহায়ক হৈ কৃষি সংলগ্ন ব্যৱসায় আৰম্ভ কৰিছিল। তেনেদৰে আৰম্ভ কৰি এদিন তেওঁ উন্নত কৃষিব্যৱস্থাৰ গৱেষণাৰ উদ্দেশ্যে গুজৰাটত পদৰ্পন কৰিছিল। আৰু সেই ঠাইতে মৰসাহ কৰি আৰম্ভ কৰিছিল “এগ্ৰি’কেয়াৰ বায়’টেক প্ৰাইভেট লিমিটেড” নামৰ এক প্ৰতিষ্ঠান।

গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ নিবাসী জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া ৺মহেশ্বৰ কলিতা আৰু গংগা কলিতাৰ পুত্ৰ গৌতম কলিতা ৷ ১৯৮৮ চনত ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা মেট্ৰিক পাছ কৰি ১৯৯৭ চনত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা ৰাসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ (এমএছচি) ডিগ্ৰী গ্ৰহণ কৰিছিল।

ৰসায়ন বিজ্ঞানৰ স্নাতক কলিতাই পূৰ্বৰে পৰা মনত এটি ডাঙৰ সপোন পুহি ৰাখিছিল। প্ৰথমে সৰু সুৰা ব্যৱসায়ৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰি তেওঁ জৈৱিক সাৰ প্ৰস্তুত কৰাত বিশেষ গুৰুত্ব আৰোঁপ কৰিলে। সেই উদ্দেশ্যে এদিন তেওঁ গুজৰাটত উপস্থিত হৈছিল। আৰু সেই ঠাইত তেওঁ জন্ম দিছিল “এগ্ৰিকেয়াৰ বায়’টেক প্ৰাইভেট লিমিটেড” নামৰ জৈৱিক সাৰ উৎপাদন কৰা এটা কাৰখানাৰ৷ এই কাৰখানা স্থাপন কৰাৰ পাছত তেওঁ পাছলৈ উভতি চাবলগীয়া হোৱা নাই। এই কাৰখানাত শ্ৰীযুত কলিতাই অসমীয়া যুৱক-যুৱতী সকলৰ লগতে অন্য ৰাজ্যৰ কৰ্মীকো কৰ্ম সংস্থাপন দিছে৷

ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হোৱাৰ বাবে ৰাসায়নিক সাৰৰ দ্বাৰা মানৱ দেহত হ’ব পৰা বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ বিষয়ে কলিতাই পূৰ্বৰে পৰা জানিছিল৷ সেয়েহে কৃষিৰ দিশটোক পেচা হিচাপে লৈ অধ্যয়ন, ভ্ৰমণ আৰু শ্ৰমৰ ত্যাগেৰে কৃষি জগতখনক উন্নত কৰাৰ চিন্তাৰে ভাৰত তথা অসমৰ চুকেকোণে থকা কৃষিখণ্ডত সজীৱতা ঘূৰাই অনাৰ কামত তেওঁ ব্ৰতী হৈ আছে।

দীৰ্ঘসময় এই ভাল কৰ্মৰ সৈতে জড়িত হৈ থকাৰ ফল স্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ “চিডাৰ্বৰ’ক বিশ্ববিদ্যাল”য়ে কৃষিৰ দিশত আগবঢ়োৱা সেৱাৰ বাবে অলপতে তেওঁক সন্মানিত কৰে। নতুন দিল্লীস্থিত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় ত্ৰিমূৰ্তি ভৱন প্ৰেক্ষাগৃহত বিগত ৫ মাৰ্চ, ২০২৫ তাৰিখে কলিতাক সন্মানীয় “ডি লিট” ডিগ্ৰী প্ৰদান কৰা হয়৷

গৌতম কলিতাৰ এই সফলতাক শুভেচ্ছা জনোৱাৰ লগতে ব্যৱসায়ৰ দিশত উঠি অহা অসমীয়া যুৱপ্ৰজন্মৰ বাবে ড° গৌতম কলিতা প্ৰেৰণাৰ এক উৎস হওক বুলি কামনা কৰিলোঁ৷